আহাৰ-সম্বন্ধে গান্ধীৰ পৰীক্ষা-নিৰীক্ষা

পৰাগ কুমাৰ ডেকা

হাইস্কুলত পঢ়ি থকা সময়ত মোহনদাস কৰমচাঁদ গান্ধীয়ে লগৰীয়া এজনৰ প্ৰভাৱত পৰি লুকাই-চুৰকৈ মাংস খাবলৈ লয়। এই ঘটনাৰ কথা গান্ধীৰ আত্মজীৱনীৰ সৈতে পৰিচিত প্ৰায় সকলো লোকেই জানে। এইদৰে চোৰাংকৈ মাংস খাবলগীয়া হোৱাৰ কাৰণটোনো কি আছিল তাক ব্যাখ্যা কৰি গান্ধীয়ে তেওঁৰ আত্মজীৱনীত লিখিছে (লোকনায়ক অমিয় কুমাৰ দাসৰ অসমীয়া ভাঙনিত)— 'গান্ধী পৰিয়াল বৈষ্ণৱ আছিল। বিশেষতঃ পিতৃ-মাতৃ পৰম বৈষ্ণৱ আছিল। … গুজৰাটৰ জৈন আৰু বৈষ্ণৱসকলৰ মাজত মাংস খোৱাৰ ৰীতিলৈ যিদৰে বিৰাগ আৰু ঘৃণা দেখা যায়, ভাৰতবৰ্ষৰ আন কোনো ঠাইতে সেইদৰে দেখা নাযায়। এইবিলাক সংস্কাৰ আৰু ৰীতি-নীতিৰ মাজতেই মোৰ জন্ম হৈছিল। এইবিলাকৰ মাজতেই মই ডাঙৰ হৈছিলোঁ।' গতিকে এনে এক পৰিস্থিতিত স্কুলীয়া ছাত্ৰ এজনৰ বাবে সকলোৱে জনা-শুনাকৈ মাংস খোৱাটো আছিল এক অসম্ভৱ কথা।

তথাপিও এই লগৰীয়াজনৰ প্ৰভাৱত পৰি গান্ধীয়ে এনে আটাইবোৰ সংস্কাৰ-ৰীতি-নীতিক একাষৰীয়া কৰি থৈ মনে মনে মাংস খাবলৈ আৰম্ভ কৰে। লগৰীয়াজনেও ইতিমধ্যে গান্ধীৰ মনত এনে এটা ধাৰণা সুমুৱাই দিছিল যে মাংস নোখোৱা বাবেই ভাৰতীয়সকল নিশকতীয়া হৈ ৰৈছে। সকলো ভাৰতবাসীয়ে মাংস খাবলৈ আৰম্ভ কৰিলেই অতি সোনকালে ইংৰাজক আপোন দেশলৈ খেদি পঠিয়াব পৰা যাব। গতিকে মাংস খোৱাটো দেশপ্ৰেমৰেই নামান্তৰ!

হাইস্কুলত পঢ়ি থকা সময়ৰ মোহনদাস গান্ধী

পিচে গান্ধীয়ে মাংস খাবলৈ আৰম্ভ কৰাৰ আঁৰত আন এটা কাৰণো আছিল, যিটোৰ সৈতে দেশপ্ৰেমৰ কোনো সম্পৰ্ক নাছিল। সেই সময়ত গান্ধীৰ মনত ভূত-প্ৰেতৰ প্ৰতি প্ৰচণ্ড ভয় আছিল। আন্ধাৰ হোৱাৰ পাছত তেওঁ অকলে বাজলৈকে ওলাবও নোৱাৰিছিল। ফলত কিশোৰ গান্ধীয়ে তেওঁ নৱবিবাহিতা পত্নীৰ আগত বৰ লাজত পৰিছিল। এই কথাৰ উমান পোৱা লগৰীয়াজনে গান্ধীক আশ্বাস দিলে যে গান্ধীয়ে মাংস খাবলৈ আৰম্ভ কৰিলেই তেওঁৰ এই আটাইবোৰ ভয়-শংকা আপোনা-আপুনি দূৰ হ’ব। মই মাংস খাওঁ বাবেই ভূত-পিশাচ, চোৰ-ডকাইত একোলৈকে ভয় নকৰোঁ, জীয়া সাপ হাতেৰে ধৰিব পাৰোঁ—তেওঁ গান্ধীক ক’লে।

এইদৰে লুকাই-চুৰকৈ মাংস খোৱা কাৰ্য্য প্ৰায় এবছৰমান চলিল। কিন্তু শেষত এই মিথ্যাচাৰ গান্ধীৰ নিজৰেই অসহনীয়া হৈ উঠিল আৰু তেওঁ এই চোৰাং অভিযানবোৰ বাদ দিলে। পিচে একে সময়তে তেওঁ মনত থিৰাং কৰিলে যে 'মাংস খোৱা আৰু দেশত আহাৰৰ সংস্কাৰ কৰা আৱশ্যকীয়। কিন্তু আই-বোপাইক ফাঁকি দিয়া আৰু মিছা কথা কোৱা মাংস নোখোৱাতকৈও বেয়া। তেওঁলোক জীয়াই থকা কালত অৱশ্যে মাংস খোৱা অসম্ভৱ। তেওঁলোক মৰাৰ পিছত যেতিয়া স্বাধীন হ’ম, তেতিয়া মই দেখদেখকৈ মাংস খাম…।'

১৮৮৭ চনত মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত গান্ধীয়ে ১৮৮৮ চনত লণ্ডনত বেৰিষ্টাৰী পঢ়িবলৈ ওলাল। কিন্তু এই ক্ষেত্ৰতো খোৱা-বোৱাৰ কথাটো এক প্ৰধান হেঙাৰ হৈ থিয় দিলে। গান্ধীৰ মাকে আৰ-তাৰ মুখে শুনিবলৈ পাইছিল যে ইংলেণ্ডলৈ গ’লে মানুহে মদ আৰু মাংস নোখোৱাকৈ টিকি থাকিব নোৱাৰে। সেয়েহে গান্ধীয়ে তালৈ পঢ়িবলৈ যোৱাৰ তেওঁ মুঠেই পক্ষপাতী নাছিল। শেষত যেনিবা গান্ধীয়ে তেওঁলোকৰ পৰিয়ালৰ ঘনিষ্ঠ জৈন ভিক্ষু এজনৰ পৰামৰ্শক্ৰমে মাকৰ আগত ইংলেণ্ডলৈ গৈ মদ, মাংস আৰু তিৰোতা স্পৰ্শ নকৰোঁ বুলি শপত খোৱাত মাকে তেওঁৰ এই যাত্ৰাত অনুমোদন জনালে।

মাংস নাখাওঁ বুলি কৰা এই প্ৰতিজ্ঞাৰ ফলত গান্ধীয়ে ইংলেণ্ডত কেনে সমস্যাৰ সমুখীন হ’বলগীয়া হৈছিল সেই কথা তেওঁ আত্মজীৱনীত বিতংভাৱে বৰ্ণনা কৰিছে। কিন্তু আৰম্ভণিৰ সময়ত গান্ধীৰ প্ৰতিজ্ঞা আৰু বিশ্বাসৰ মাজত এক অবিৰত সংঘাত চলিব ধৰিছিল। মাকৰ আগত কৰা প্ৰতিজ্ঞাৰ হেতুকে তেওঁ মাংস খোৱাৰপৰা বিৰত আছিল যদিও মনে মনে তেওঁ ভৱিষ্যতে এই খাদ্যাভাসৰ সংস্কাৰ সাধি আমিষভোজী হোৱাৰ বাসনা পুহি ৰাখিছিল। এবাৰ এজন বন্ধুৱে তেওঁক মাংস খোৱাৰ সপক্ষে নানা যুক্তি প্ৰদৰ্শন কৰাত গান্ধীয়ে তেওঁক কৈছিল, 'মই স্বীকাৰ কৰোঁ যে মাংস খোৱা উচিত। কিন্তু মই প্ৰতিজ্ঞা ভংগ কৰিবলৈ অপাৰগ।'

গান্ধীৰ আত্মজীৱনী। অসমীয়ালৈ ভাঙনি লোকনায়ক অমিয় কুমাৰ দাসৰ

এই প্ৰতিজ্ঞাৰ ফলত গান্ধীয়ে ইংলেণ্ডত ভৰি দিয়াৰ পাছত কেইবামাহো প্ৰায় আধা-পেটীকৈ পাৰ কৰিবলগীয়া হয়। এইদৰে পেট পুৰাই নিৰামিষ আহাৰ এসাঁজ খাবৰ বাবে নানা সংগ্ৰাম কৰি থাকোঁতেই এদিন তেওঁ লণ্ডনৰ ফেৰিংডন ষ্ট্ৰীটত নিৰামিষ ভোজনাগাৰ এটা আৱিস্কাৰ কৰে। 'সৰু সৰু ল’ৰা-ছোৱালীয়ে মনৰ জোখাই পুতলা পালে যিদৰে ৰং পায়, এই হোটেলটি দেখি ময়ো ঠিক সেইদৰে মনত ৰং পালোঁ', গান্ধীয়ে আত্মজীৱনীত লিখিছে।

সেই ভোজনাগাৰটোতে তেওঁ হেনৰী ছল্টৰ A Plea for Vegetarianism নামৰ কিতাপখনো দেখিবলৈ পায়। এই কিতাপখনৰ পঢ়াৰ পিছত গান্ধীৰ মনত থকা সকলোবোৰ সংঘাতৰ অন্ত পৰে, আৰু গোটেইবোৰ কথা এক নতুন পোহৰেৰে উদ্ভাসিত হৈ উঠে। তেওঁৰ নিজৰ ভাষাত:

'মই ছল্টৰ কিতাপখন ইমূৰৰপৰা সিমূৰলৈকে পঢ়ি বৰ ভাল পালোঁ। এই কিতাপখন পঢ়াৰ দিনাৰপৰা মই নিজ ইচ্ছামতে নিৰামিষভোজী হৈছোঁ বুলি ক’ব পাৰোঁ। … ইমান দিনে মই কেৱল প্ৰতিজ্ঞাত বান্ধ খাইহে মাংস নোখোৱাকৈ আছিলোঁ, কিন্তু মনে মনে মই সকলো ভাৰতবাসীয়ে মাংস খোৱা উচিত বুলি ভাবিছিলোঁ আৰু এদিন ময়ো তেনে কৰিম বুলি স্থিৰ কৰিছিলোঁ। কিন্তু এতিয়া মোৰ মন নিৰামিষ আহাৰৰ ফালে ঢাল খালে, আৰু তেতিয়াৰেপৰা ইয়াৰ প্ৰচাৰ মোৰ জীৱনৰ ব্ৰতৰ দৰে হ’ল।'

ইয়াৰ পাছত গান্ধীয়ে ইংলেণ্ডৰ বিভিন্ন নিৰামিষহাৰী সভা-সমিতিৰ সভ্যপদ গ্ৰহণ কৰাৰ উপৰিও আহাৰ-সম্বন্ধীয় বিভিন্ন কিতাপ-পত্ৰ আদি পঢ়িবলৈ লয়। একে সময়তে তেওঁ নিজৰ দৈনন্দিন জীৱনতো এই অধ্যয়নবোৰৰ ভিত্তিত নানান পৰীক্ষা-নিৰীক্ষা চলাবলৈ ধৰে। ইংলেণ্ডত থকা সময়ছোৱাৰ এনেবোৰ অভিজ্ঞতাৰ কথা গান্ধীয়ে আত্মজীৱনীৰ চাৰিটা অধ্যায়ত (১৩-১৬) বিতংভাৱে লিপিবদ্ধ কৰি থৈ গৈছে।

ইংলেণ্ডত থাকোঁতেই আৰম্ভ কৰা আহাৰ-সম্বন্ধীয় এনে পৰীক্ষা-নিৰীক্ষাবোৰ গান্ধীয়ে গোটেই জীৱন জুৰি চলাই নিছিল, আৰু এই কথাবোৰ তেওঁৰ ব্যক্তিগত জীৱনৰ লগতে সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সৈতেও সাঙোৰ খাই পৰিছিল। এনে বহুতো কথা আমেৰিকাৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক নিক’ শ্লেইটৰ ২০১৯ চনত প্ৰকাশিত Gandhi’s Search for the Perfect Diet: Eating with the World in Mind নামৰ কিতাপখনত সবিস্তাৰে আলোচিত হৈছে।

হেনৰী চল্টৰ কিতাপখন। প্ৰথম প্ৰকাশ ১৮৮৬ চন।

আহাৰ-সম্বন্ধীয় এই কথাবোৰৰ দৰে গান্ধীৰ প্ৰায়বোৰ চিন্তা-ধাৰণাই আছিল গতিশীল আৰু পৰীক্ষালব্ধ। গান্ধীয়ে মাংস নুচুবলৈ কৰা প্ৰতিজ্ঞাৰ ফলত ইংলেণ্ডত সমুখীন হোৱা সমস্যা আৰু সংগ্ৰামবোৰৰ লগে লগে চলাই নিয়া পৰীক্ষা-নিৰীক্ষাবোৰেও একেটা কথাকে কয়। এই পৰীক্ষা-নিৰীক্ষাবোৰৰ অবিহনে গান্ধীৰ খাদ্য-সম্পৰ্কীয় সংগ্ৰাম কেৱল প্ৰতিজ্ঞা পালনৰ সংগ্ৰামহে হ’ল হয়। তেতিয়া সেই কাহিনীৰ গতি-প্ৰকৃতিও হ’ল হয় সম্পূৰ্ণ বেলেগ। কিন্তু এইবোৰেই গান্ধীৰ খাদ্য-সংগ্ৰামক এক গুৰুত্বপূৰ্ণ অন্বেষণৰ ৰূপ দিলে আৰু এই অন্বেষণৰ ফলত সৃষ্টি হ’ল আন বহুতো জীৱনজোৰা পৰীক্ষা-নিৰীক্ষাৰ।

গান্ধীৰ আত্মজীৱনীৰ পাতে পাতে এনে অসংখ্য পৰীক্ষা-নিৰীক্ষাৰ উদাহৰণ ভৰি আছে। আমি যাক গান্ধীৰ দৰ্শন বা আদৰ্শ বোলো, সেই প্ৰতিটো কথাই যে তেওঁৰ জীৱনৰ অভিজ্ঞতা আৰু জটিলতাৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খোৱা সেয়া এই উদাহৰণবোৰৰপৰা স্পষ্ট হৈ উঠে। নিৰামিষ আহাৰৰ ক্ষেত্ৰতো গান্ধীৰ যি মতামত বা আলোচনা পোৱা যায়, সেইবোৰো তেওঁৰ আপোন জীৱনৰ অসংখ্য পৰীক্ষা-নিৰীক্ষা আৰু পৰিস্থিতিৰ মাজেৰে সৰকি অহা। সেইবাবেই তেনে পটভূমিক বাদ দি খাদ্য-সম্পৰ্কে গান্ধীৰ ‘দৰ্শন’ কি আছিল বুলি সুধিলে একে আষাৰে তাৰ উত্তৰ দিয়াটো টান হৈ পৰে।

সাম্প্ৰতিক বিশ্বত গান্ধীৰ গুৰুত্ব বিচাৰ কৰোঁতেও তেওঁৰ আদৰ্শবোৰৰ এই বাস্তৱিক আৰু পৰীক্ষালব্ধ দিশটোলৈ মন কৰাটো খুবেই জৰুৰী। গান্ধীৰ বাবে সত্য বোলা বস্তুটো এক স্বতঃসিদ্ধ বা সমাজ-প্ৰদত্ত বস্তু নহয়; সি এক অন্বেষণৰ বিষয়। সেইবাবেই মাথোঁ আনক অনুকৰণ কৰি এনে সত্যত উপনীত হ’ব নোৱাৰি। এই একেটা কাৰণতে গান্ধীক অনুকৰণ কৰাৰো তেনে কোনো সহজ উপায় নাই। অথবা তেনে অনুকৰণ হয়তো সম্ভৱ বা কাম্যও নহয়। এই ক্ষেত্ৰত আনৰ ‘সত্য’ক নিৰ্বিচাৰে গ্ৰহণ নকৰি কিদৰে নিৰৱচ্ছিন্ন উদ্যমেৰে আপুনি আপোনাৰ সত্যৰ অন্বেষণ কৰিব লাগে, গান্ধীৰপৰা শিকিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয়তো সেইটোৱেই। গান্ধীৰ খাদ্য-সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাবোৰত তেনেধৰণৰ উদ্যম আৰু অন্বেষণৰ এক সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা যায়।

গান্ধীৰ আহাৰ-সম্বন্ধীয় পৰীক্ষা-নিৰীক্ষাৰ এক বিশদ অধ্যয়ন

গান্ধীৰ আহাৰ-বিষয়ক বিবিধ ৰচনাৰ সংকলন। প্ৰথম প্ৰকাশ ১৯৫৯ চন

ৰান্ধি থকা গান্ধী। আৰ. কে. লক্ষ্মণৰ কাৰ্টুন