মোহনদাস গান্ধীৰ 'লণ্ডন ডায়েৰী'
পৰাগ কুমাৰ ডেকা
২০০৫-০৬ চনৰ কথা। তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। সেইখিনি সময়তে এদিন তেজপুৰ জিলা পুথিভঁৰালত কিতাপৰ ৰেকবোৰ খুঁচৰি ফুৰিছিলোঁ। তেতিয়া মই নতুনকৈ পুথিভঁৰালৰ ইংৰাজী শাখাটোত ভুমুকিয়াবলৈ ‘দুঃসাহস’ কৰা হৈছোঁ। এইদৰে কিতাপ চাই ফুৰোতে মোৰ চকু পৰিল মহাত্মা গান্ধীৰ ৰচনাৱলীৰ প্ৰকাণ্ড সংকলটোত। ইতিমধ্যে গান্ধীৰ আত্মজীৱনীখনৰ অসমীয়া অনুবাদ পঢ়ি তেওঁৰ জীৱনৰ ঘটনাৱলীৰ আৰু ৰচনাৰীতিৰ সতে কিছু চিনা-পৰিচয় ঘটিছিল। সেয়েহে এতিয়া আন কিতাপৰ লগতে তেওঁৰ মুঠ ৯৯ খণ্ডৰ ৰচনাৱলীৰ প্ৰথম খণ্ডটো পুথিভঁৰালৰ পৰা ঘৰলৈ আনিলোঁ।
এই কিতাপৰ এখন ৰচনাই মোৰ মনত বিশেষভাৱে ৰেখাপাত কৰিলে। সি আছিল গান্ধীয়ে ১৮৮৮ চনৰ ১২ নৱেম্বৰৰ পৰা লিখিবলৈ লোৱা 'London Diary’ নামৰ দিনলিপিৰ পৃষ্ঠাবোৰ। এই ডায়েৰীখন লিখাৰ সময়ত গান্ধীৰ বয়স আছিল ১৯ বছৰ। উল্লেখযোগ্য যে সেই বছৰৰে ৪ ছেপ্টেম্বৰত গান্ধীয়ে ইংলেণ্ডলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল আৰু ২৯ ছেপ্টেম্বৰত ইংলেণ্ডৰ উপকূলত ভৰি থৈছিল।


ৰচনাৱলীত অসমাপ্ত ৰূপত সংকলিত হোৱা এই ডায়েৰীখনৰ মূল দৈৰ্ঘ্য আছিল আনুমানিক ১২০ পৃষ্ঠা। সেইখন লিখা হৈছিল ১৮৮৮ চনৰ পৰা ১৮৯১ চনলৈ, ইংৰাজীতে। ডায়েৰীখনৰ মূল হাতেলিখা পাণ্ডুলিপিটো গান্ধীৰ আত্মীয় আৰু সহকৰ্মীসকলৰ হাত বাগৰি বাগৰি ১৯২০ চনৰ পাছত নিৰুদ্দিষ্ট হৈ পৰে। কিন্তু তাৰ প্ৰায় ২০ পৃষ্ঠাৰ প্ৰতিলিপি এটা ৰচনাৱলীখনত সংকলিত কৰা হয়।
এই লণ্ডন ডায়েৰীখন আৰম্ভ হয় গান্ধী ৰচনাৱলীৰ প্ৰথম খণ্ডৰ দ্বিতীয় পৃষ্ঠাৰ পৰা। তাৰ আগৰ ডেৰ পৃষ্ঠা জুৰি থকা লিখনি তিনিটা হৈছে গুজৰাটী ভাষাত ৰচিত চিঠি আৰু চমু সম্ভাষণৰ পাঠ। অৰ্থাৎ, গান্ধীৰ জীৱনৰ প্ৰথম দীঘলীয়া ৰচনাখন আছিল ইংৰাজীতে লিখা, যিটো ভাষাত সেই সময়ত তেওঁৰ দখল আছিল স্বাভাৱিকতে থৰক-বৰক, অনিশ্চিত।
গান্ধীৰ আত্মজীৱনী আৰু এই ডায়েৰীখন একেলগে পঢ়িলে বুজা যায় যে এইদৰে ইংৰাজী ভাষাত দিনলিপি লিখাৰ আঁৰত গান্ধীৰ মূল উদ্দেশ্য আছিল এই বিদেশী ভাষাটোৰ নিয়মীয়া চৰ্চাৰ দ্বাৰা তাক আয়ত্ত কৰা। সেইবাবে ডায়েৰীখনৰ ভাষাও আছিল সহজ-সৰল, ছুটি ছুটি বাক্যৰে লিখা ন-শিকাৰুৰ ভাষা। যেনে, ডায়েৰীখনৰ আৰম্ভণিতে গান্ধীয়ে এজন চিনাকি ব্যক্তিৰ সৈতে হোৱা তেওঁৰ কথোপকথনৰ বিষয়ে লিখিছে:
“Mavji Joshi asked me as usual how I did. Then put some questions about my study in Bhavnagar. I plainly told him that I had hardly any chance of passing my examination first year. I also added that I found the course very difficult.” (পৃষ্ঠা ৩)
এই ইংৰাজী আছিল মই বুজি পোৱা ধৰণৰ, মই লিখিব পৰা ধৰণৰ। সেইখিনি সময়ত মই নিজেও ইংৰাজী ভাষাটো শুদ্ধকৈ আৰু খোকোজা নলগাকৈ লিখিব-পঢ়িব-শিকিবলৈ যত্ন কৰি আছিলোঁ। সেইবাবে গান্ধীৰ এই উদাহৰণ আছিল অতি প্ৰেৰণাদায়ক। এই লণ্ডন ডায়েৰীখন দেখি ময়ো একে ধৰণেৰে ইংৰাজীত দিনলিপি লিখিবলৈ আৰম্ভ কৰিছিলোঁ। পিচে গান্ধীৰ তিনি বছৰ জোৰা ডায়েৰী লিখনৰ বিপৰীতে মোৰ এই ডায়েৰী লিখন চলিছিল বোধহয় খুব বেছি তিনি সপ্তাহ।
লণ্ডনত গান্ধী। ১৮৯১ চন।


সেইখিনি সময়তে জিলা পুথিভঁৰালৰ পৰা গান্ধী সম্পৰ্কীয় আন কেতবোৰ কিতাপো আনি পঢ়িবলৈ ল’লোঁ। তাৰ মাজত পিছৰ বয়সৰ গান্ধীৰ বিবিধ ভাষণ, উদ্ধৃতি আদিৰ সংকলন কেতবোৰো আছিল। সেইবোৰত ইংৰাজী ভাষা আৰু ইংৰাজী মাধ্যমৰ শিক্ষা সম্পৰ্কে গান্ধীৰ বিভিন্ন আলোচনা, মতামত আদিও পঢ়িবলৈ পালোঁ আৰু তাৰ কেতবোৰ বছা বছা উক্তি নোটবুকত টুকি ৰাখিলোঁ। সেইবোৰ উক্তিত গান্ধীয়ে ভাৰতীয় ভাষাসমূহৰ বিকাশত আৰোপ কৰা অতীৱ গুৰুত্বৰ কথা স্পষ্টকৈ ফুটি উঠিছিল।
ঔপনিৱেশীক শাসকৰ ভাষা হিচাবে ইংৰাজীয়ে সাধন কৰিব পৰা ক্ষতি সম্পৰ্কে গান্ধী আছিল অতি সচেতন। কৈশোৰ আৰু যৌৱনত অতি যতনেৰে ইংৰাজী ভাষাৰ চৰ্চা কৰা গান্ধীয়ে ‘য়াং ইণ্ডিয়া’ কাকতত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ লিখা এক মুকলি চিঠিত ঘোষণা কৰিছিল, ইংৰাজী ভাষাতে: “মই মোৰ আটাইবোৰ দুৱাৰ-খিৰিকি মুকলিকৈ ৰাখিম যাতে বাহিৰৰ সকলো সংস্কৃতিৰ বতাহ মোৰ ঘৰলৈ সোমাব পাৰে, কিন্তু মই ইয়ালৈও চকু ৰাখিম যাতে সেই বতাহে মোক শিপা ছিঙি উৰুৱাই নিব নোৱাৰে।” (১ জুন ১৯২১)
ইয়াৰ দুটা শাৰীৰ পিছতে গান্ধীয়ে লিখিছিল: “মই বিচাৰোঁ যে আমাৰ সাহিত্য-ৰুচিবোধসম্পন্ন যুৱক-যুৱতীসকলে ইংৰাজীকে আদি কৰি পৃথিৱীৰ যিমানবোৰ ভাষা শিকিব বিচাৰে শিকক। লগতে মই ইয়াকো আশা কৰোঁ যে তেওঁলোকে সেই জ্ঞান-বিদ্যাৰ ভাগ সমগ্ৰ দেশবাসী আৰু বিশ্ববাসীকো দিয়ক।”
গান্ধী ৰচনাৱলীৰ কিয়দংশ


পিছলৈ যেতিয়া ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে ইণ্ডিয়ান ইংলিছ ৰাইটিং অথবা ইংৰাজী ভাষাত ৰচিত ভাৰতীয় সাহিত্যৰ কথা পঢ়িলোঁ, তেতিয়া পালোঁ যে ইংৰাজী ভাষাক এক অনন্য ভাৰতীয় বৈশিষ্ট্য প্ৰদান কৰি ইণ্ডিয়ান-ইংলিছক বৰ্তমানৰ ৰূপ দিয়াত গান্ধীৰ গুৰুত্ব আছিল অপৰিসীম। অৰ্থাৎ, যিজন ব্যক্তিয়ে ইংৰাজী ভাষাৰ সামাজিক, মানসিক ক্ষতিসমূহৰ বিষয়ে দেশবাসীক বাৰম্বাৰ সকীয়াই দিছিল, সেইজন ব্যক্তিয়েই নিজে সেই ভাষাত এক সৃষ্টিশীল দখল লাভ কৰিবলৈ সক্ষম হৈছিল। এই কথাত কোনো বিৰোধ নাছিল, আছে এক বিৰল বৌদ্ধিক ভাৰসাম্যবোধ আৰু সাংস্কৃতিক চেতনা।


ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰতি গান্ধীৰ অৱদান বহুলভাৱে স্বীকৃত
এই ভাৰসাম্যবোধ আৰু চেতনা আছিল গান্ধীৰ ব্যক্তিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ। অকলশৰে ইংলেণ্ডত পঢ়িবলৈ যোৱা এজন ১৯ বছৰীয়া কিশোৰৰ বাবে নিজৰ শিপাক হেৰুৱাই পেলোৱাতো বৰ অস্বাভাৱিক কথা নহ’ল হয়। কিন্তু গান্ধীৰ ক্ষেত্ৰত তাৰ ওলোটাটোহে ঘটিল: নিজৰ শিপা হেৰুওৱাৰ সলনি এই অভিজ্ঞতাই তেওঁৰ শিপাক আৰু সবলহে কৰিলে।
বৃটিছ শাসিত ঔপনিৱেশিক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গান্ধীৰ এই চেতনাৰ গুৰুত্ব আছিল অপৰিসীম। আজিৰ গোলকীয় পৃথিৱীৰ প্ৰেক্ষাপটতো কিন্তু ইয়াৰ গুৰুত্ব কোনোগুণে কম নহয়। এতিয়াৰ বিশ্বায়নৰ যুগত প্ৰায়বোৰ দেশতে বাহিৰৰ পৃথিৱীখনৰ পৰা বলা বতাহজাক অতিশয় তীব্ৰ হৈ উঠিছে। এই বতাহে বহুতৰে শিপাৰ লগতে ভৰিৰ তলৰ মাটিও খান্দি নিয়াৰ উপক্ৰম কৰিছে। এনে ক্ষেত্ৰত গান্ধীৰ উদাহৰণে আমাৰ শিপাবোৰ শক্তিশালী কৰি তোলাত যথেষ্ট সহায় কৰিব পাৰে।


Parag Kumar Deka
Bilingual writer, translator, academic and amateur illustrator based in Assam, India.
© 2025. All rights reserved.
