
মুকুতিৰ শুদ্ধ পথ
পৰাগ কুমাৰ ডেকা
1/1/2026


চৌপাশ নিশব্দ। তাৰ মাজেৰে ভাহি আহে ক'ৰবাৰ ঘণ্টাধ্বনি। সেই ঘণ্টাধ্বনি তল পেলাই হঠাতে শুনা যায় এক বিকট চিঞৰ। লগে লগে আৰম্ভ হয় মধুৰ যন্ত্ৰসংগীত, আৰু তাৰ পাছত এই গীতফাকি —
অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক
অন্ধ মনৰ বন্ধ কোঠাত
হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ
মুকুতি আজি দেখোন দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ
মৃত্যু এতিয়া সহজ
জুবিন গাৰ্গৰ কালজয়ী গীত 'মুক্তি'। ১৯৯৭ চনত মুক্তি লাভ কৰা একে নামৰ এলবামৰ শীৰ্ষ গীত। যোৱা তিনিটা দশক জুৰি অব্যাহত আছে গীতটোৰ বিপুল জনপ্ৰিয়তা, আৰু এই জনপ্ৰিয়তাৰ মূলতে আছে গীতটিৰ গভীৰ অৰ্থবহ কথাংশ আৰু হৃদয়স্পৰ্শী সুৰ আৰু কণ্ঠ। এলবামটোৰ ‘মুক্তি’ আৰু ‘সোণেৰে সজোৱা পঁজা’ গীত দুটিৰপৰাই জুবিন গাৰ্গৰ ৰাজনৈতিক চেতনা আৰু সমাজ-সচেতনতাৰ কথা শ্ৰোতাৰ মাজত দৃঢ়ভাৱে প্ৰতিষ্ঠিত হয়। লগতে অসমীয়া সংগীতত যোগ হয় এক নতুন বলিষ্ঠ গণকণ্ঠ৷
এলবামখন আৰু তাৰ শীৰ্ষ গীতটিৰ 'মুক্তি' শব্দটোত সোমাই আছে এক গভীৰ ব্যঞ্জনা। গীতটোত কোৱা হৈছে কেইবাবিধো মুক্তিৰ কথা। গীতটোৰ এই অৰ্থৰ লগত তাৰ শৈলীৰ এক নিকট সম্বন্ধ আছে। এই চমু আলোচনাত গীতটোৰ এনে দিশকেইটিৰ ওপৰত খৰতকীয়া দৃষ্টি নিক্ষেপ কৰিবলৈ যত্ন কৰিম।
'মুক্তি' এলবামৰ আগত জুবিনৰ প্ৰায়খিনি গীতৰ বিষয়বস্তু আছিল প্ৰেম। কিন্তু ‘মুক্তি’ জুবিনৰ সংগীত জীৱনৰ এক টাৰ্ণিং পইণ্ট। তাৰে 'মুক্তি', 'প্ৰতিটো প্ৰহৰ', 'সোণেৰে সজোৱা পঁজা' আদি গীতত জুবিন গাৰ্গে তৰুণ মনৰ প্ৰেম-বিৰহ, সপোনৰঙী কল্পনাৰ জগতখন এৰি চলিত সমাজিক-ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত চকু ফুৰাইছে। ফুৰাই তেওঁ স্বতঃস্ফূৰ্তভাৱে খং, ক্ষোভ, হতাশাত প্ৰচণ্ড চিৎকাৰ কৰি উঠিছে৷ এই চিৎকাৰৰ ধবনিৰেই আৰম্ভ হৈছে ‘মুক্তি’ এলবামটো।
কিন্তু শীৰ্ষ গীতটিৰ এই চিৎকাৰৰ আগত শুনা যায় এক ঘণ্টাৰ শব্দ। হয়তো এই ঘণ্টাধ্বনি কোনো উপাসনাগৃহৰ। সেয়া মন্দিৰৰ ঘণ্টা নে গীৰ্জাৰ থিৰাংকৈ কোৱা টান। এই ঘণ্টাধ্বনি কেৱল গীতটোৰ আৰম্ভণিতেই নহয়, গীতটোৰ মাজৰ অংশতো শুনা যায়। এই ধ্বনিৰ তাৎপৰ্য্য কি? এই তাৎপৰ্য্য আমি উপলব্ধি কৰিম আলোচনাটিৰ অন্তত, যেতিয়া আমি গীতটোৰ শেষাংশত ব্যৱহৃত পবিত্ৰ সংস্কৃত শান্তিমন্ত্ৰটোৰ কথা পাতিম। কিন্তু তাৰ আগত আছে গীতটোৰ আন কেইবাটাও স্তৱক।
গীতটোৰ আৰম্ভণিৰ সুৰ ধীৰ, কৰুণ। তাত ক্ৰোধ বা বিদ্ৰোহ নাই, আছে অব্যক্ত বেদনা। গীতটো আৰম্ভ হৈছে এলানি তৎসম শব্দৰে। এই শব্দবোৰে গীতটোক আংশিকভাৱে এক সংস্কৃত শ্লোকৰ দৰে ছন্দ প্ৰদান কৰিছে ('অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ/ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক...')। হয়তো এই ছন্দই শেষৰ শান্তিমন্ত্ৰটোকে প্ৰতিধ্বনিত কৰিছে। কিন্তু পাঁচ নং শাৰীৰপৰা গীতটোৰ কথাংশই থলুৱা অসমীয়া ভাষাৰ ছন্দত ভৰি থৈছে, য'ত 'মুক্তি' হৈ পৰিছে 'মুকুতি' (‘মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়...’)। অৰ্থাৎ, আমি আহি উপস্থিত হৈছোঁ অসমৰ চিনাকি সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত। তাৰ পাছৰ কলিবোৰত গীতটোৱে এই তৎসম আৰু তৎভৱ শব্দৰ মাজত এক সুন্দৰ ভাৰসাম্য বজাই আগবাঢ়িছে।



'বেড মুন ৰাইজিং' : প্ৰকৃতিৰ হিংস্ৰ ৰূপৰ ছবি
আৰম্ভণিৰেপৰাই গীতটোৱে দুই ধৰণৰ মুক্তিৰ ইংগিত কৰে — আকাংক্ষিত আৰু অনাকাংক্ষিত। গীতটোৰ প্ৰথমটো স্তৱকতে আছে অনাকাংক্ষিত মুক্তিৰ কথা, যি মুক্তি দিশহাৰা, হিংস্ৰ— 'মুকুতি আজি দেখোন দিশহাৰা হৈ ৰয়/দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ।'
এনে অনাকাংক্ষিত মুকুতিয়ে সুখ আৰু সমৃদ্ধিৰ বতৰা নানে, আনে মৰণ আৰু অশ্ৰু। এই মৰণ আহে মুকুতিৰ ভুল পথেৰে। কি এই মুকুতিৰ ভুল পথ? কি এই অনাকাংক্ষিত মুক্তি?
এই কথা বুজিবলৈ আমি যাব লাগিব ১৯৯০ৰ দশকলৈ, মনত পেলাব লাগিব সেই সময়ত হোৱা মুক্তি শব্দৰ ৰাজনৈতিক (অপ)ব্যাখ্যাৰ কথা। বিংশ শতিকাৰ এই শেষৰ দশকটোত ‘সংযুক্ত মুক্তি বাহিনী, অসম’ অথবা আলফাই ‘মুক্তি’ শব্দটোক এক ঠেক ৰাজনৈতিক গণ্ডিত সীমাবদ্ধ কৰিছিল। এফালে মুক্তিৰ নামত আলফাই চলোৱা হত্যা, হিংসা, অপহৰণ, তাৰ লগতে ভূতৰ ওপৰত দানহৰ দৰে ভাৰতীয় সেনাৰ বৰ্বৰতা— এই আটাইবোৰে অসমৰ মানুহক জৰ্জৰিত কৰিছিল।


১৯৯০-৯১ৰ ভিতৰত অসমত আৰম্ভ হয় ভাৰতীয় সৈন্যৰ অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইন’, আৰু অচিৰেই ৰাজ্যখনত Armed Forces (Special Powers) Act (AFSPA), Terrorists and Disruptive Activities (Prevention) Act (TADA), Assam Disturbed Areas Act আদি বিভিন্ন ক'লা আইন জাপি দিয়া হয়। এইবোৰৰ ফলত এফালে অসমত চলে সেনাৰ হিংসা, নিৰ্য্যাতন, বলাৎকাৰ আদি নানান আতিশয্য, আৰু আনফালে অব্যাহত থাকে সংযুক্ত মুক্তি বাহিনীৰ কূটাঘাত, অপহৰণ, হত্যা, ধনদাবী, ভাবুকি, বোমা বিষ্ফোৰণৰ অবাধ ধবংসলীলা। ঠায়ে ঠায়ে উদ্ঘাতিত হয় অসংখ্য গণকবৰ, দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ...। এই আটাইবোৰ ঘটনা সংঘটিত হয় 'মুক্তি'ৰ নামত।
অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্ন-বাহক
মগ্ন বিভোৰ অন্ধ সুখত
গীতটোৰ এই শাৰীকেইটাত আছে শাসকগোষ্ঠীৰ ভূমিকাৰ ক্ষুৰধাৰ সমালোচনা। মুক্তিৰ দিশহাৰা অৱস্থাৰ বাবে গীতটোৱে ক্ষমতাত অন্ধ শাসকবৰ্গকো বিচাৰৰ কাঠগৰাত থিয় কৰাইছে। লগতে ই জনতাক দিছে এক উমৈহতীয়া প্ৰতিবাদৰ ভাষা। মানুহে আজিও অন্ধ শাসন আৰু ভণ্ড শাসকৰ কথা ক’বলৈ গীতটোৰ এই শাৰীকেইটা ব্যৱহাৰ কৰে আৰু আগলৈও কৰিব।
মন কৰিবলগীয়া যে গীতটোৱে মৃত্যুৰ এই সুলভতাৰ বাবে কেৱল শাসকগোষ্ঠীকে জগৰীয়া কৰা নাই, কৰিছে মুক্তিৰ ভুল পথ দেখুৱাওতা বিপ্লৱীহঁতকো। ইয়াৰ পিছৰ স্তৱকত গীতটোৱে বিপ্লৱী-বাহিনীৰ হিংসাত্মক কাৰ্য্য-কলাপক প্ৰশ্ন কৰিছে এইবুলি –
মুক্ত হোৱাৰ সপোন দেখি
পশু হোৱাত কিমান বাকী?
জীৱন দিয়াৰ ক্ষমতানো কাৰ?
জীৱন লোৱাৰ ক্ষমতা অপাৰ।
দুচকুত ভাহে মাথোঁ
শান্তিৰ শুভ্ৰ ৰথ
মুকুতিৰ শুদ্ধ পথ
এইদৰে গীতটোৱে শাসক আৰু বিদ্ৰোহী উভয়ৰে হিংস্ৰতা-বৰ্বৰতাক প্ৰত্যাখ্যান কৰি এক নিৰপেক্ষ পথৰ অন্বেষণ কৰিছে। এই পথ পাৰ হৈ গৈছে সাধাৰণ জনতাৰ মাজৰে, ক্ষমতা-যুঁজৰ শত যোজন আঁতৰেৰে।
এনে ৰাজনৈতিক মুক্তিৰ সলনি গীতটোৱে ইংগিত কৰিছে এক বিশ্বজনীন মুক্তিৰ কথা। সেই মুক্তি হৈছে দুখ-কষ্ট, মাৰি-মৰকৰপৰা মুক্তি, হিংস্ৰ চিন্তা আৰু আৱেগৰপৰা মুক্তি। এই মুক্তিৰ চিন্তা আহে কলা আৰু কবিতাৰ মাজেৰে। কেৱল কলাইহে দিঠকৰ ক্লান্ত, কটুৰ মাটিত কল্পনাৰ কুসুম ফুলায়, বাস্তৱৰ ঘোৰ অমাৱস্যাৰ বুকুত সিঁচে আশাৰ স্নিগ্ধ জোনাক –
মুক্ত আকাশ, শান্ত বতাহ
কবিতা ৰাতিৰ স্নিগ্ধ জোনাক
এইদৰেই স্তব্ধ ৰাতি আৰু মৃত্যুৰ আন্ধাৰত আৰম্ভ হোৱা গীতটো গৈ শেষ হৈছে এক জোনাক-সিক্ত আশাৰ পোহৰত। এই আশাৰ শিপা বাস্তৱৰ বুকুত নাই, আছে শিল্পীৰ কল্পনাত। এই আশা মুক্তিৰ আশা, কিন্তু সেই মুক্তি ৰাজনৈতিক মুক্তি নহয়। সেই মুক্তি বন্দুকেৰে আনিব নোৱাৰি, তাক আনিব লাগে নিজৰ অন্ধ মনৰ বন্ধ দুৱাৰ মুক্ত কৰি –
শুদ্ধ মনৰ মুক্ত কোঠাত
মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ
মুকুতি আজি আহি দুচকুত সাৰে ৰয়
বুকুৱে বুকুৱে বয় শান্তিৰ ঢল
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজত
গীতটোৰ এই শেষৰ শাৰীকেইটা অতি গুৰুত্বপূৰ্ণ। তাত আছে মুকুতিৰ এক বিকল্প ধাৰণা, যি মুক্তিৰ ৰাজনৈতিক ধাৰণাৰপৰা সমূলি পৃথক। গীতটিয়ে কয় মুক্তিৰ প্ৰকৃত উৎস বাহিৰত নাই, আছে প্ৰতিজন মানুহৰ নিজৰ মাজত – 'মুকুতি এতিয়া প্ৰাণত/মুকুতি এতিয়া নিজত৷' অৰ্থাৎ, মুক্তি বন্দুকৰ গুলীত নাহে, আহিব অন্তৰৰ নিভৃত কোণৰপৰা। কিন্তু ৰাজনীতিত 'মুক্তি' বা 'শান্তি' অনা হয় প্ৰতিপক্ষক পৰাভূত কৰি, হত্যা-হিংসাৰদ্বাৰা মষিমূৰ কৰি। আলফা আৰু সেনাবাহিনীৰ উভয়ৰে মুক্তিৰ পথো এনেকুৱাই। পিচে গীতটোৱে ইংগিত কৰে যে এনে বাটেৰে স্থায়ী শান্তি কেতিয়াও নাহে; সেয়া মুকুতিৰ শুদ্ধ পথ নহয়।
'মুক্তি' গীতৰ এই শাৰীকেইটাই এজন প্ৰখ্যাত আমেৰিকান গায়ক-গীতিকাৰ টম্ পেক্সটনৰ গান এটিলৈ মনত পেলায়– 'Peace will come/Let it begin with me.' সমাজলৈ শান্তি আহিব, কিন্তু সেই শান্তিক আমি প্ৰত্যেকেই নিজৰ মনৰ আলি কাটি বোৱাই আনিব লাগিব।

গীতটোৰ 'মুকুতি এতিয়া প্ৰাণত/মুকুতি এতিয়া নিজত' শাৰী দুটা গাই শেষ হোৱাৰ লগে লগে মেঘৰ গাজনিত আকাশ দুফাল হয় আৰু ভাহি আহে এক মন্ত্ৰোচ্চাৰণৰ ধবনি। গীতটোৰ অসমীয়া কথাংশ গাই শেষ হোৱাত এই সংস্কৃত মন্ত্ৰৰ শব্দবোৰ স্পষ্ট হৈ উঠে –
সৰ্বে অত্ৰ সুখীন চ
সৰ্বে সন্তু নিৰাময়া
সৰ্বে ভদ্ৰানি পস্যন্তু
মা কচ্ছে দুখ ভাগ ভৱেত
এই মন্ত্ৰফাকি বৃহদাৰণ্যক উপনিষদ আৰু গৰুড় পুৰাণত উল্লিখিত এক গুৰুত্বপূৰ্ণ শান্তি মন্ত্ৰ। মন্ত্ৰফাকিয়ে কামনা কৰে যে সকলোৱে সুখী হওঁক, সকলোৱে ৰোগ-ব্যাধিৰপৰা নিৰাময় লাভ কৰক, চৌপাশৰ অমংগলীয়া দৃশ্যবোৰ আঁতৰি যাওঁক, সকলোৱে দুখৰপৰা নিবৃত্তি পাওঁক। এই মন্ত্ৰফাকিৰ মাজেৰে গীতটোৱে প্ৰাচীন ভাৰতীয় আধ্যাত্মিক পৰম্পৰাত থকা মুক্তিৰ ওখ আৰু চহকী ধাৰণা এটাৰ কথা সোঁৱৰায় আৰু ইয়াক বৰ্তমানৰ ঠেক, ৰাজনৈতিক মুক্তিৰ ধাৰণাটোৰ বিকল্প হিচাপে আগবঢ়ায়। গীতটোৰ ৰৈ ৰৈ কাণত পৰা ঘণ্টাধ্বনিয়েও এই মন্ত্ৰফাকি আৰু তাৰ লগত জড়িত মুক্তিৰ এই বিকল্প ধাৰণাটোৰেই ইংগিত দিয়ে। (লগতে যেন এই ঘণ্টা আৰু মন্ত্ৰধ্বনিয়ে অপমৃত্যুৰ বলি লোকসকলৰ বিদেহ আত্মাৰো চিৰমুক্তি কামনা কৰে!)
ওপৰৰ স্তৱকটোত উল্লিখিত এই ‘মুক্তি’ ভাৰত ৰাষ্ট্ৰৰ শাসনৰপৰা মুক্তি, আলফা বা সংযুক্ত মুক্তি বাহিনীয়ে বিচৰা ধৰণৰ মুক্তি। এই 'মুক্তি'ৰ নামতে চলিছে ধন দাবী, অপহৰণ, হত্যা, আদি নানা পাশৱিক কৰ্ম। জন্ম হৈছে ভুৱা আলফা, ছালফা, গুপ্তঘাতকৰ। মুক্তি বাহিনীৰ এনেবোৰ কাৰ্য-কলাপ আৰু ৰাষ্ট্ৰৰ হিংস্ৰ প্ৰতিক্ৰিয়াত গণজীৱন হৈ পৰিছে ক্লান্ত, জৰ্জৰিত ('ক্লান্ত জীৱন আজি/ক্লান্ত দিঠক আজি'...)। সেয়ে এইধৰণৰ ৰক্তক্ষয়ী ‘মুক্তি’ক প্ৰত্যাখ্যান কৰি গীতটোৱে সন্ধান কৰিছে মুকুতিৰ এক শুদ্ধ, বিকল্প পথৰ–






এতিয়া খন্তেক চকু দিওঁ গীতটোৰ চিত্ৰকল্পত। গীতটোৰ আৰম্ভণিৰ শাৰীকেইটাই হিংস্ৰ আৰু বিষাদভৰা ৰাতিৰ ছবি এখন দাঙি ধৰিছে। সেই ছবিখন জুবিনৰ আগৰ এলবামৰ গীতবোৰে অঁকা ছবিতকৈ সমূলি বেলেগ। 'মুক্তি' গীতত ‘জোনাক গলা জাৰৰ নিশা’ অথবা জীৱনৰ পথ পোহৰোৱা ‘জোনাকী সুবাস’ৰ কথা নাই। আছে প্ৰকৃতিৰ এক হিংস্ৰ ৰূপৰ ছবি (যি ৰূপে মনলৈ আনে আমেৰিকান ৰক্ বেণ্ড ক্ৰিডেন্স ক্লিয়েৰৱাটাৰ ৰিভাইভেলৰ 'বেড্ মুন ৰাইজিং' গীতটোলৈ)। কিন্তু হয়তো প্ৰকৃতিৰ এই ৰূপ কথকৰ আশাহত মনৰ এক প্ৰতিফলনহে। কথকৰ মন আশাহত হৈছে মুকুতিৰ দিশহাৰা অৱস্থা দেখি, ‘অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ’ দেখি, আৰু অগ্ৰজ কবিয়ে ‘জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য’ আখ্যা দিয়া মৃত্যুৰ সুলভতা দেখি।

এয়া ৰাজনীতিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা ক্ষুদ্ৰ, বেপেৰুৱা আধ্যাত্মিকতা নহয়; বৰং ই ৰাজনীতিক আৰু ভণ্ড সাধুৱে ঢুকি নোপোৱা ঈশোপলব্ধিৰ এক বিশাল গগন। মন্ত্ৰফাকিয়ে দেখুওৱা এই মুক্তিৰ বাট ক্ষুদ্ৰ ৰাজনৈতিক অংক, হিংসা-বিবাদৰপৰা শতযোজন আঁতৰত। এই মুক্তি মাথোঁ এমুঠিমানৰ বাবে নহয়, বৰং বিশ্বৰ প্ৰতিজনৰ বাবে।
এয়াই গীতটোৱে কোৱা মুকুতিৰ শুদ্ধ পথ। এই মুক্তি হিংসা, দ্বেষ, লোভ-ক্ৰোধৰপৰা মুক্তি, স্বাধীনতা আৰু মোক্ষ লাভৰ ভুল ধাৰণাৰপৰাও মুক্তি। হিংসা-অসূয়াৰে ভৰা ৰাজনীতিৰ বাটেৰে এনে মুক্তি নাহে, আহে কলা, আধ্যাত্মিকতা, আত্মবিশ্লেষণ, দয়া, মমতা আৰু কৰুণাৰ বাটেৰেহে।
'মুক্তি' গীতটোত এনে বহু কথা সোমাই আছে। এই আটাইবোৰ কথা প্ৰকাশ পাইছে গীতটোৰ কলা-শৈলীৰ মাজেৰে। এই শৈলী গঠিত হয় গীতটোৰ কথা, সুৰ, সংগীত, কণ্ঠ আটাইবোৰ লৈ। সেয়ে এই আটাইবোৰ কথালৈ সূক্ষ্মদৃষ্টি নিক্ষেপ কৰিলেহে গীত এটিৰ পূৰ্ণ ৰস আস্বাদন সম্ভৱ। বিশেষকৈ 'মুক্তি'ৰ লেখীয়া চহকী শিল্পকৰ্মৰ ক্ষেত্ৰত এই কথা অধিক প্ৰযোজ্য। জুবিন গাৰ্গৰ আন আন সৃষ্টিকো এইদৰে বিচাৰ কৰিলে নিশ্চয় এনে বহু গুৰুত্বপূৰ্ণ কথা চকুত পৰিব।


ইয়াৰ উপৰি নব্বৈৰ দশকতে আৰম্ভ হয় অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ অন্য এক ভয়াৱহ অধ্যায়– গুপ্তহত্যা। ৰাষ্ট্ৰযন্ত্ৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই গুপ্তহত্যাই অসমৰ সমাজ জীৱনলৈ শংকা, বিশ্বাসহীনতাৰ অমানিশা নমাই আনে।
বহু সময়ত গুপ্তঘাতকৰ হাতত মৃত্যু হোৱাজনৰ ক্ষত-বিক্ষত, গলিত মৃতদেহৰ সামূহিক সৎকাৰৰ বাবেও গঞা ৰাইজৰ সাহে নুকুলাইছিল। কাৰণ তেনে কৰা মানেই নিজৰ প্ৰতিও গুপ্তঘাতকৰ দৃষ্টি আকৰ্ষণ কৰা। ফলত পৰিয়ালৰ লোকে বহুদিন জুৰি মৃতকলৈ পিণ্ডাদিও তৰ্পণ নকৰাকৈ থাকিবলগীয়া হৈছিল। হিন্দু বিশ্বাস অনুসৰি এনে পিণ্ড নোপোৱা আত্মা পৰিণত হয় অতৃপ্ত প্ৰেতাত্মাত। এনে লাগে যেন ‘মুক্তি’ গীতটোৰ আৰম্ভণিৰ বিকট চিঞৰটোও এনে কোনো প্ৰেতাত্মাৰেই আৰ্তনাদ।
এফালে বিদ্ৰোহীৰ কূটাঘাত, আৰু আনফালে শাসকগোষ্ঠীৰ ৰক্ষকেই ভক্ষক ৰূপ। জনতাৰ হা-হুমুনিয়াহলৈ পিঠি দি সকলো মগ্ন নিজৰ ক্ষমতা আৰু সম্পত্তি গজ্গজীয়া কৰাত। এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে গীতটোৱে কয় –


প্ৰখ্যাত ফৰাচী চিত্ৰকৰ টেয়ফিল শ্বুলেয়াৰৰ পেইণ্টিং “মৃত্যুৰ ৰথ” (১৮৪৮-১৮৫১)
Parag Kumar Deka
Bilingual writer, translator, academic and amateur illustrator based in Assam, India.
© 2025. All rights reserved.
